দা—দাতব্য, শ্ৰু—শ্ৰোতব্য, ভূ—ভবিতব্য, কৃ—কৰ্ত্তব্য, বচ—বক্তব্য, মনু—মন্তব্য, গম্—গন্তব্য, দৃশ্—দ্ৰষ্টব্য, ইত্যাদি।
অনীয়।
৭। সেই অৰ্থত ভাব বাচ্যত আৰু কৰ্ম্ম বাচযত, ধাতুত
অনীয় প্ৰত্যয় হয়। যেনে, পা—পানীয়, শ্ৰু—শ্ৰবণীয়, কৃ—
কৰণীয়, স্মৃ—স্মৰণীয়, শুচ—শোচনীয়, ভুজ—ভোজনীয়,
ৰম—ৰমণীয়, সেৱ—সেৱনীয়, দৃশ্—দৰ্শনীয়, ৰক্ষ্—ৰক্ষণীয়,
নিজন্ত পূজ্, অৰ্থাৎ পূজি—পূজনীয়, সেই দৰে, অৰ্চ্চি—
অৰ্চ্চনীয়, পালি—পালনীয় ইত্যাদি।
তব্য আৰু অনীয় প্ৰত্যয় যোগ দিয়াত শ্ৰু আদিৰ উ মৰি
ও হৈছে আৰু কৃ আদিৰ ঋ মৰি অৰ হৈছে অৰ্থাৎ সিহঁতৰ
গুণ হৈছে। সাধাৰণ নিয়ম (ক) চোৱাঁ।
যৎ।
৮। সেই অৰ্থত, ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, স্ববান্ত
ধাতুত যৎ প্ৰত্যয় হয়। ৎ ইৎ যায়, য থাকে। যেনে, জি—
জেয়, নী ―নেয় [সাঃ নিঃ (ক) চোৱাঁ], শ্ৰু—শ্ৰব্য, ভূ—ভব্য
সাঃ নিঃ (ছ) চোৱাঁ।
যৎ প্ৰত্যয় হলে, ধাতুৰ শেষৰ আ মৰি এ হয়। যেনে,
দা–দেয়, গা—গেয়, পা-পেয়, ধা—ধেয়।
আৰু যেনে, সহ্—সহ্য, লভ্ – লভ্য, গম্—গম্য, ৰম্
ৰম্য, মদ্—মদ্য, পৰি—ধা—পৰিধেয়, গদ্—গদ্য।
.