পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
বহল ব্যাকৰণ।

পাচে, সোনকালে, ততালিকে, অথনি, হবলা, অতি, অতিশয়, অতিপাত, মাথোন, ন, নৌ, সদায়, নিতৌ, দিনৌ, দিনা, কেলৈ, কিয়, কতবা, যেনি, কেনি, তেনি, কেনিবা, কদাচিত, কাচিত, তেন্তে, বৰং, আজি, কালি, পৰশুই বা পৰহি, ইত্যাদি।

 ১৬। পুৰণি অসমীয়া পদ্যত ব্যৱহাৰ হোৱা ক্ৰিয়া বিশেষণ:— যাৱত, তাৱত, যাৱতে, তাৱতে, যৈসানি, তৈসানি, ইত্যাদি।

 ১৭। বিশেষণত আৰু কোনো কোনো বিশেষণ-সৰ্ব্বনামত কৈ, ভাবে, ৰূপে, দৰে, আদি শব্দ যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, ভাল—ভালকৈ, ভালভাবে, ভালৰূপে, ভালদৰে; এনে—এনেকৈ, এনেভাবে, এনেৰূপে, এনেদৰে ইত্যাদি।

 ১৮। বিশেষণ শব্দত একাৰ যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, ভাল—ভালে আহিল, কুশল—কুশলে আছে, অকলশৰ—অকলশৰে নাযাবা, ইত্যাদি।

 ১৯। কেতিয়াবা ক্ৰিয়া বিশেষণ দুবাৰ উক্ত কৰা হয়। যেনে, ভালে ভালে, মনে মনে, শীঘ্ৰে শীঘ্ৰে, ইত্যাদি।

 ২০। কেতিয়াবা বিশেষ্য শব্দত একাৰ যোগ দিও ক্ৰিয়া বিশেষণ কৰা হয়। এনেকুৱা ক্ৰিয়া বিশেষণ প্ৰায় দুবাৰ উক্ত হয়। যেনে, দিন—দিনে দিনে, বাৰ—বাৰে বাৰে, মন—মনে মনে, কাণ—কাণে কাণে, ইত্যাদি।