পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
বহল ব্যাকৰণ।

 ২১। অণুকাৰ (অণুকাৰ শব্দৰ সূত্ৰ চোৱাঁ) শব্দত আই যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, গিৰিস্— গিৰিসাই, টপৰ—টপৰাই, টঙৰ—টঙৰাই।

 ২২। অথনি আৰু কালি কেৱল অতীত কালৰ ক্ৰিয়াৰ লগত ব্যৱহাৰ হয়। ভবিষ্যৎ কালৰ ক্ৰিয়াৰ লগত ব্যৱহাৰ কৰিলে অথনি অথনিকৈ, আৰু কালি কালিলৈ হয়। যেনে, অথনি আহিল, অথনিকৈ আহিবা, কালি গৈছিলোঁ, কালিলৈ যাম।

 ২৩। পৰিমিত শব্দ এই বা সেই বিশেষণ-সৰ্ব্বনামৰ পাচত থাকিলে ক্ৰিয়া বিশেষণ হয়। যেনে, সি এই পৰিমিত কামত হাত দিয়া নাই।

⸻⸻