পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বহল ব্যাকৰণ।

লৰাটো নিচেই চেৰেলা, মানুহ গৰাকী বৰ কট্‌কিনা। ইয়াত নিচেই আৰু বৰ বিশেষণীয় বিশেষণ, কাৰণ নিচেই শব্দ চেৰেলা বিশেষণৰ, আৰু বৰ শব্দ কট্‌কিনা বিশেষণৰ আগত থাকি সিহঁতৰ হীনডেঢ়ি প্ৰকাশ কৰিছে।

 ১২। এনে, তেনে, কেনে, যেনে, এনেকুৱা, তেনেকুৱা আদি কিছুমান বিশেষণ-সৰ্ব্বনাম শব্দকো বিশেষণীয় বিশেষণ স্বৰূপে ব্যৱহাৰ কৰা হয়। যেনে, এনে বেয়া কথা, এনেকুৱা টান পুথি।

ক্ৰিয়া বিশেষণ।

 ১৩। ক্ৰিয়াৰ গুণ, সময় বা ঠাই বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা যায়, তাক ক্ৰিয়া বিশেষণ বোলে। যেনে, খৰকৈ বুলিবা, সোনকালে আহিবা, তালৈ নাযাবা। ইয়াত খৰকৈ শব্দে বুলিব৷ ক্ৰিয়াৰ গুণ, সোনকালে শব্দে আহিবা ক্ৰিয়াৰ সময় আৰু তালৈ শব্দে নাযাব৷ ক্ৰিয়াৰ ঠাই বুজাইছে, এতেকে খৰকৈ, সোনকালে আৰু তালৈ ক্ৰিয়া বিশেষণ।

 ১৪। আন এটা ক্ৰিয়া বিশেষণৰ গুণ বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা যায় তাকে৷ ক্ৰিয়া বিশেষণ বোলে। যেনে, বৰ খৰকৈ নপঢ়িবা। ইয়াত বৰ শব্দে খৰকৈ ক্ৰিয়া বিশেষণৰ গুণ বুজাইছে। এতেকে সি ক্ৰিয়া বিশেষণ।

 ১৫। প্ৰচলিত ক্ৰিয়া বিশেষণ:—পুনৰ, পুনৰায়, আকৌ, দুনাই, অকস্মাৎ, হঠাৎ, আচম্বিতে, আগে, আগেয়ে, আগৈ,