পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
বহল ব্যাকৰণ।

বিশেষ্যও বিশেষণ হয়। যেনে, একলহ পানী, এজাক গৰু, এঘৰ মানুহ, মহাপ্ৰাণ বৰ্ণ, অলপ ভাগ সম্পত্তি ইত্যাদি। স্ত্ৰীলিঙ্গত ইহঁতৰ ৰূপ ভিন নহয়।

 ৮। কেতিয়াবা বিশেষ্য শব্দও বিশেষণ স্বৰূপে ব্যৱহাৰ হয়। যেনে, পানী কেচুৱা, গাধ লৰা, লাতুৰ চৰণ ইত্যাদি।

 ৯। বাক্যত বিশেষণ বিশেষ্য পদৰ পাচত ব্যৱহাৰ হলে, তাত স্ত্ৰীলিঙ্গৰ চিন প্ৰায় নাথাকে। যেনে, ছাগলীজনী কলা, ছোৱালীজনী অঁকৰা। কিন্তু কলী ছাগলী; আঁকৰী ছোৱালী।

 ১০। বস্তুৰ গুণৰ হীনডেঢ়ি বুজাবলৈ সংস্কৃত ভাষাত, দুটাৰ ভিতৰত হলে বিশেষণৰ পাচত তৰ আৰু সৰহৰ ভিতৰত হলে তম যোগ কৰা হয়। যেনে, গুৰুতৰ গুৰুতম, উচ্চতৰ উচ্চতম, শুভ্ৰতৰ শুভ্ৰতম ইত্যাদি।

 অসমীয়া ভাষাত সাধাৰণতঃ বস্তুৰ গুণৰ হীনডেঢ়ি প্ৰকাশ কৰিবলৈ বিশেষণত তৰ আৰু তম যোগ নহয়। তাত হীন বস্তুটোৰ নামত কৈ যোগ দি তেনেকুৱা ভাব প্ৰকাশ কৰা হয়। যেনে, ৰাঙত্‌কৈ সোণ গধুৰ, লো সকলো ধাতুতকৈ গধুৰ ধাতু। কিন্তু গহীন ভাবৰ অসমীয়াত কেতিয়াবা তৰ, তম বিশেষণত যোগ হয়। যেনে, এইটো সিটোতকৈ গুৰুতৰ বিষয়, পৃথিবীৰ ভিতৰত হিমালয় উচ্চতম গিৰি।

বিশেষণীয় বিশেষণ।

 ১১৷ বিশেষণৰ গুণৰ হীনডেঢ়ি বুজাবলৈ যি বিশেষণ ব্যৱহাৰ কৰা হয়, তাক বিশেষণীয় বিশেষণ বোলে। যেনে,