পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
বহল ব্যাকৰণ।

শেষৰ স্বৰ লোপ হয়, আৰু শব্দৰ আদিত অ-কাৰ থাকিলে সি আ-কাৰ হয়, আৰু ও কাৰ থাকিলে উ-কাৰ হয়। যেনে,

পুংলিঙ্গ
বগা
মুগা
বুঢ়া
মেচা
কুঁজা
মেনা
কলা
টেঙ্গৰ

স্ত্ৰীলিঙ্গ
বগী
মুগী
বুঢ়ী
মেচী
কুঁজী
মেনী
কলী
টেঙ্গৰী

পুংলিঙ্গ
অজলা
অঁকৰা
পৰলা
কঁজলা
কনা
খঁৰা
খোনা
লোধোমা
লোদোৰা

স্ত্ৰীলিঙ্গ
আজলী
আঁকৰী
পাৰলী
কাঁজলী
কানী
খাঁৰী
খুনী
লুধুমী
লুদুৰী

 এই উদাহৰণবিলাকৰ কিছুমান সংজ্ঞা শব্দৰ লিঙ্গ পৰিবৰ্ত্তনৰ উদাহৰণৰ ভিতৰত পৰিছে। অনেক সময়ত বিশেষণ শব্দ বাক্যত বিশেষ্যৰূপে ব্যৱহাৰ হয়। সেইবিলাক শব্দ যদিও আচলত বিশেষণ, তাত সিহঁতক বিশেষ্য পদ বুলি ধৰিব লাগে।

 ৫। কোনো কোনো বিশেষণ শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ একেবাৰে বেলেগ হয়। যেনে, পুং ৰঙ্গা স্ত্ৰী ৰাঙ্গলী, পুং কলা স্ত্ৰী কালৰী, পুং বেঙা স্ত্ৰী বেঙেৰী ইত্যাদি।

 ৬। কোনো কোনো বিশেষণ শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ ভিন নহয়। যেনে, ভাল, বেয়া, ওখ, চাপৰ, সৰু, ডাঙৰ ইত্যাদি।

 ৭। সংখ্যাবোধক বা বিশেষণ শব্দ আগত যোগ হলে