পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়৷
⸺:✱:⸺
বিশেষণ

 ১। যিবিলাক শব্দে বিশেষ্যৰ গুণ প্ৰকাশ কৰে, সিহঁতক বিশেষণ বোলে। যেনে, তপত পানী। ইয়াত তপত শব্দটোৱে পানীৰ এটা বিশেষ গুণ প্ৰকাশ কৰিছে, এতেকে সি পানী বিশেষ্যৰ বিশেষণ।

 ২। বিশেষণত বিভক্তি যোগ নহয়, বিশেষ্যটোৰ যি বিভক্তি, তাৰো সেই বিভক্তি বুলি ধৰা হয়।

 ৩। পুংলিঙ্গত আৰু স্ত্ৰীলিঙ্গত বিশেষণৰ ৰূপ ভিন ভিন হয়, ক্লীবলিঙ্গত নহয়, তাৰ পুংলিঙ্গৰ ৰূপেই ক্লীবলিঙ্গৰ ৰূপ। যেনে, সুন্দৰ লৰা, সুন্দৰী ছোৱালী, সুন্দৰ পৰ্ব্বত।

 সংজ্ঞা শব্দৰ লিঙ্গ পৰিবৰ্ত্তনৰ বিষয়ে যিবিলাক নিয়ম আগত দিয়া হৈছে, সেইবিলাক নিয়মেই সম্ভৱমতে বিশেষণতো খাটে। এতেকে সিহঁতক দুনাই ইয়াত উক্তি কৰিবৰ প্ৰয়োজন নাই। নিয়ম সম্বন্ধে কেৱল এটা কথা মাথোন উল্লেখৰ যোগ্য।

 ৪। অসমীয়া পুংলিঙ্গ শব্দ স্ত্ৰীলিঙ্গ কৰিবলৈ হলে, তাৰ অন্তত প্ৰায়েই ঈ-কাৰ যোগ হয়। ঈ-কাৰ যোগ হলে শব্দৰ