পৃষ্ঠা:বলাই-বিহুলী.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী।

বিহুৰো নাচনী  বিহুলী গাভৰু
 তাতেই পেপাৰ মাত,
উথল পাথল  লাগিল হিয়াত
 তত নাইকীয়া গাত।

একনী দুকনী  বাচে লতা ফুল
 মন যে কেনেবা কৰে,
এমোৰৰ ঠাইত  দোমোৰ মাৰিছে
 মাকো সৰি সৰি পৰে।

লাহে লাহে আহি  সন্ধিয়া পৰিল
 তাতসাল সামৰি থৈ
বিহুলী গাভৰু  ঘাটলৈ ওলাল
 লগৰ লগৰীয়া লৈ।

ইজনীয়ে বোলে  বিহুলী বাইটী
 শিকাব লাগিব নাম,
সিজনীয়ে বোলে  বিহুলী বাইটী
 কেনেকৈ নাচেনো চাম।