পৃষ্ঠা:বলাই-বিহুলী.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী


এইদৰে আহি  ঘাটত নামিল
  কোনেও নেদেখাই হ’ল,
কাষৰ কলহ   মাটিত নমাই
 গৰাৰ আঁৰলৈ গল।

সকলো ছোৱালী  জুম পাতি ললে
 নাম গাই ছাপৰী মাৰি,
বিহুলী গাভৰু   নাচনী উঠিল
 কেনেকৈ নেচাই পাৰি?

লাহেকৈ বলায়ে  মহ এৰি থই
 গৰাৰ কাষলৈ গ’ল,
তাৰ গম পাই  সকলো ছোৱালী
 ইফালে সিফালে হ’ল।

সকলোৱে গাই-
“বিহুৰে বিৰিনা  পাতে ঐ লাহৰী
  বিহুৰে বিৰিনা পাত,
এইবাৰ বিহুতী  কেলেই আহিলা
 ৰিহা নাইকীয়া গাত”।