পৃষ্ঠা:বলাই-বিহুলী.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব’লাই বিহুলী।

———•———

চৰাৰে মুধতে  বিহুলী গাভৰু
 বিহুৰ গামোচা তৰি।
ভায়েকলৈ বুলি  বাচে লতা ফুল
 তললৈ মূৰটি কৰি॥

গুটি ফুল দিয়া  ৰিহাৰ আচলে
 মাটিত চুমাদি আছে,
লাহৰী চুলি তাৰ  তাৰ ওচৰতে
 অউলী বাউলী নাচে॥

এনেতে বলায়ে  লই কাষৰীত
 ম’হ হাল’লই লই।
পেপাটি বজাই  বিহু মাৰি ফুৰে
 গাভৰুৱে শুনা কই।