পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
বলাই বিহলী


ইফালেদি্‌ হলে  এটা জুমত
 সেইটো নহব বুলি,
মনৰ হেঁপাহে  টকালি মাৰিছে
 বিহুলী নাচনী তুলি।

ককাল ঘূৰাই  বিহুলী গাভৰু
 হাতেৰে দিলেহি মান,
নাচি নাচি আহি  ডেকালৈ তোঁৱাই
 সকলো উদ্বিগ্ন প্ৰাণ।

ডেকা গাভৰুৰ  নামজোৰা লাগি
 উঠিছে আনন্দ ধ্বনি,
শুনোতাই ভাবে  এয়েহে মাথোন
 প্ৰেমৰ পৰশ মণি।

”আজি ঐ লাহৰি  কিহৰে পাচলি
 মোকাল ভলুকাৰে গাজ,
ভাত খাওঁ লাহৰী  আতৰ হৈ নাযাবা
 অমঙ্গল মিলিব গাত।”