পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বলাই বিহুলী


“তোমালৈ যিমানটি  মৰম ঐ ধৰমী
 আনলৈ সিমানটি নাই
আশাতে নিৰাশা  নকৰা লাহৰী
 হিয়া মোৰ বিদৰী যাই।,

“ভাতে খাই গলা  তপতে তপতে
 খুটি থৈ নগলা চুকত
যাবৰে বেলিকা,  মাতো নলগাবা
 কথা থৈ নাযাবা বুকত।,

“বঙালৰ গোলাৰে  কাকত ঐ লাহৰী
 বঙালৰ গোলাৰে কাকত,
মনৰে কথাটি  তাতে লেখি লই
 পঠিয়াম চৰ্কাৰী ডাকত।”

চেগ চাই চাই  আগেয়ে বিহুলী
 জিৰণি লবলৈ যাই
আজি হলে আৰু  অকলশৰীয়া
 সলনি দিওঁতা নাই।