সমললৈ যাওক

পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বলাই বিহুলী


ডেকা গাভৰুৰ  উলহ মালহ
 কাক যে কৰিব পাচ,
বিহু চোৱা ডেকা  লা—নি পাতিছে
 চাবলৈ বিহুলীৰ নাচ।

আগৰ দৰেই  সকলো চাপিল
 বান্ধিলে বিহুৰ জাক,
মনৰ আনন্দে  প্ৰাণ উৰু উৰু
 ঘনাই মাৰিছে পাক।

ঢোললৈ ঢুলীয়া  তালি মাৰে চেও
 মুখেৰে কিৰিলি তুলি,
হাতত টকালৈ  গাভৰু উঠিল
 নাচনী উঠক বুলি।

ডেকাৰ পালিয়ে  বাছি বাছি নাম
 হেপোৰ পিটি লগাই,
ঢোল চেৱে চেৱে  নতুৱা উঠেহি
 আনন্দে টকলিয়াই।