পৃষ্ঠা:বলাই-বিহুলী.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বলাই বিহুলী


যেয়ে যিটো গায়  দিয়ে ওলোতাই
 তৰণী নোহোৱা কৰে
বাঃ বাঃ! বুলি  সকলো ডেকাই
 দাতকে কামুৰি ধৰে॥

লগৰ লগৰী  সকলো আনন্দ
 বিহুলীৰ নাচোন চাই
পিলিঙা ডেকাৰ   মন উত্ৰাৱল
 কেনেকৈ বিহুলী পায়।

মনৰ হেপাহ  মনতে থাকিল
 অৰুণ উদয় হ’ল,
এন্ধাৰ লগতে  আশা এৰি থই
 আকৌ ঘৰলৈ গল!

খাই বই উঠি  অলপ জুৰাই
 আকউ বিহুলৈ আহে
ডেকাৰ থিতাপি  নোহোৱা পৰ্য্যন্ত
 বিহু মাৰে লাহে লাহে।