পৃষ্ঠা:বলাই-বিহুলী.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বলাই বিহুলী

দূৰণি বটিয়া কোনোবা থাকিলে
 মিতিৰ বিচাৰি যায়,
নহলে কতই  ভোকে লঘোনেই
 ৰাতিৰ বিহুকে চায়।

আগৰ দৰেই  সকলে জুমতে
 বিহুৰ উঠিল ৰোল,
পাল পাতি পাতি  নাচনী উঠিল
 দুফালে বজালে ঢোল।

এইবাৰ আৰু  বিহুলী গাভৰু
 গাৰ তৰণী নাই,
আতৰত থকা  ডেকাবোৰ চাপিল
 আগৰ নাচনী পাই।

ঢালমৰা ডেকা  ঢোলত হাৰিল
 মাৰিব নোৱাৰে চেও,
বিহুলীৰ আগত  নাম জোৰা লাগি
 সাৰিব নোৱাৰে কেও।