পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বলাই বিহুলী


এইদৰে গই  বিহু মাৰোতেই
 আজিলৈ ছদিন যায়,
দিন ঠিক দিয়া  ডেকাই ভাবিছে
 গাভৰু কেতিয়া পায়।

সকলো ডেকাই  চাপৰি মাৰিলে
 মুখেৰে কিৰিলি তুলি,
অতি হেপাহৰ  বছৰৰ বিহুটি
 কালিলৈ যাবগৈ বুলি।

ইফালে গাভৰুৰ  হাতৰ টকাই
 তক্‌ তক্ শব্দ কৰে,
জাউত—জাউত  সুৰত মিলাই
 মুখেৰে নামটি ধৰে।

“কাকনো জনামগৈ  মনৰে বেদনা
 দুখ পতিয়াব মোৰ,
ভালকৈ বিহুটি  গাবলৈ নাপালোঁ
 কালিলৈ পৰিব ওৰ।”