পৃষ্ঠা:বলাই-বিহুলী.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বলাই বিহুলী


চেগ বুজি বুজি  গাভৰুৰ জাকে
 নতুন নাচনী তুলি,
ঢুলীয়া ডেকাৰ  মন প্ৰাণ বুজে
 বিহুলী জুৰাওক বুলি।

পিলিঙা ডেকাই  বিহুলীলৈ চাই
 ঘনে ঘনে টিপ দিয়ে,
আহাঁ আহাঁবুলি  মুখেৰেও মা,
 ইজনী পাছলৈ নিয়ে।

নাচোতে নাচোতে  বেলি বহি গল
 হল সন্ধ্যা আগমন,
বিহু এৰি থই  ডেকা কি গাভৰু
  ঘৰলৈ মেলিলে মন।

ভাত পানী খায়  অলপ জুৰাই
  পিন্ধি উৰি সাজু হল,
আগৰ দৰেই  সকলো ওলাই
 ৰাতিৰ বিহুলৈ গ’ল।