পৃষ্ঠা:বলাই-বিহুলী.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বলাই বিহুলী

“উজাই যাবাগৈ  কলাবাৰী পাবাগৈ
 চপাই নাকাটিবা পাত,
আলহি ৰূপেৰে  খাবা চাউল কঠি
 গালৈ নিদিবা হাত।’

“হাততে ছাটি লৈ  মই যাওঁ ভাতি লৈ
 তুমি থাকা অকলৈ শুই,
মৰমৰ কথাটি  কাতো নুলিয়াবা
 শৰীৰত নিদিবা জুই।’

“ডালতে শুকালে  ডালৰ নেমুটেঙ্গা
 বতলত শুকালে তেল,
কালি যে গধুলি   আমাৰ পদূলিতে
 কিহৰ পাতিছিলা মেল।’

‘আবেলি বেলিকা  ঘাটলৈ গৈছিলা
 তললৈ বান্ধিলা চুলি
মনে আলচিলো  এই সুচলতে
 তোমাকে লৈ যাওঁ বুলি।