পৃষ্ঠা:বলাই-বিহুলী.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
বলাই বিহুলী


“পৰ্ব্বতে পব্বতে  বগাব পাৰো মই
 লতা বগাবলৈ টান,
বনৰীয়া হাতীকো  বলাব পাৰো মই
 ডেকাক বলাবলৈ টান।”

“তুমি প্ৰাণেশ্বৰী  সবাতকৈ সুন্দৰী
 ল‘লা ফুলেশ্বৰী নাম
তুমি যে যাবাগৈ  নেদেখা ৰাজ্যলৈ
 আমি কেনেকৰি পাম।”

“ওপৰে উৰিলে  কালিন্দী ভোমোৰা
 ভৈয়ামত পৰিলে চয়া,
সপোনে সচিতে  দেখো মোৰ ধনক
 কোনেনো কৰিছে দয়া।”

“হাঁহে হৈ উৰিম গৈ  তোমাৰে পুখুৰীত
 পাৰ হৈ পৰিম গৈ চালত,
ঘামে হৈ সোমাম গৈ  তোমাৰে শৰীৰত
 মাখি হৈ চুমা দিম গালত।”