পৃষ্ঠা:বলাই-বিহুলী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বলাই বিহুলী


গা হালি জালি  বিহুলী গাভৰু
 মাজ ললেহি ঠাই,
ঢোলৰ চেওত  নাচোন জুৰিলে
 ডেকাৰ মুখলৈ চাই।

উৰাই ঘূৰাই  বিহুলী নাচিছে
 খোপা খহি খহি যাই,
ডেকা গাভৰুৰ  লাগে নাম জোৰা
 তাৰ সীমা সংখ্যা নাই।

“ঢোলে ভালে কৰি  বাবি ঐ ঢুলীয়া
 তালে ভালে কৰি বাবি,
ঢোলৰ বাৰিৰে  নাকটি চিঙিব
 ঘৰলৈ উভতি যাবি?”

“গা হালি জালি  নাচিবি নাচনী
 ডেকাকো আনিবি হেচি,
ঢোলৰে চেৱত  গা-নুঘূৰিলে
 দিম বঙালক বেচি।