পৃষ্ঠা:বলাই-বিহুলী.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বলাই বিহুলী।

চাওঁতে চাওঁতে  ঠাই ভৰি গল
  ডেকা গাভৰুৰ জাক,
দূৰণি বটিয়া  ঢুলীয়া আহিছে
 মুখেৰে মাতিব কাক!

পুখুৰী পাৰৰ  জৰিৰ তলতে
 এবাহ ডেকাৰ দল,
তাৰ ওচৰতে  গাভৰুৰ জাক
 চোৱা কাৰ কেনে বল।

ডেকাৰ মাজত  কিৰিলি উঠিল
 ঢোলত মাৰিলে চেও,
বিহুৰ নামেৰে  খলকি উঠিল
 নেনাচি নোৱাৰে কেওঁ।

ইফালে গাভৰু  হাতৰ টকাৰে
 মুখেৰে জুৰিলে নাম,
ককাল ঘূৰিল  বিহুলী গাভৰু
 ডেকাৰ পূৰিল কাম।