সমললৈ যাওক

পৃষ্ঠা:বলাই-বিহুলী.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বলাই বিহুলী।

(৪)

পূবেদি অৰুণ  ভুমুকি মাৰিলে
 ধৰণী সজাগ হ’ল
ঘৰবুঢ়া মেথা  যাৰ যেনে ইচ্ছা
 গাৱঁলৈ ওলাই গল।

বাটে পদূলিয়ে  পথাৰে সমাৰে
 মানুহৰ ওৱা হোৱা,
ঘৰে ঘৰে খালি  চলিব লাগিছে
 ধূমধাম খোৱা বোৱা।

গাৱঁৰ গাভৰু  সকলো আহিছে
 ডেকায়ো ধৰিছে পাচ,
সকলোৰে প্ৰাণ  উত্ৰাৱল হৈছে
 চাবলৈ গাভৰু নাচ।

বতলা গৰৰে  বিহমৰা ঠাই
 সকলোৰে জনাজাত,
জাকে জাকে মাথোঁ  ডেকাৰেহে দল
 দোকানো বজাৰো তাত।