পৃষ্ঠা:বলাই-বিহুলী.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বলাই বিহুলী।

গাওঁতে গাওঁতে  ৰাতি হই গল
 ডেকা সমাগম নাই,
গাভৰুৰ মন  উত্ৰাৱল হ’ল
 কেনেকৈ নো সুখ পায়?

মনৰ বেজাৰে  সকলো গাভৰু
 ঘৰলৈ উলতি গল,
মনৰ হেঁপাহ  মনতে মৰিল
 অতিকৈ অধীৰ হ’ল।

ইফালে ডেকায়ো  বিহুলৈ শুৱঁৰী
 হুচৰি এৰিলে আশ,
ৰাতি পুৱালেই  গাভৰু মাতি নি
  কৰিব বিহুতে বাস।

বিহুলী গাভৰু  ঘৰ পাওঁতেই
 হৰিল মুখৰ বাক,
কাৰ ভাৱনাত  মন মজি আছে
 কোনেনো বুজিব তাক?