পৃষ্ঠা:বলাই-বিহুলী.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বলাই বিহুলী।


“জাতিবাঁহৰ জকাই ঔ  নাসাজিবি ককাই ঔ
 নাখাওঁ দৰিকনা মাছ,
মৰমৰ ডেকাহঁত  কেলেইনো নাহিলে
 কাকনো দেখুৱাম নাচ।”

“কিনো কথা কই  মনত দুখে দিলো
 কিয়নো নাহিলে ডেকা,
মনে ভালে বছা দেখিব নাপালো
 এয়েনে বিধতাৰ লেখা।”

“আয়ে যে শুনিলে  গালি যে পাৰিব
 বোপায়ে নিদিব ঠাই,
সকলো এৰি থৈ  যাম উৰা মাৰি
 কেতিয়া লাহৰীক পাই?”

“কেলেই লাহৰী  গলা যে পাহৰি
 কিটো নো লগালোঁ দায়,
তোমাৰে কথা যে  মনতে পৰিলে
 হিয়া যে ফাটিয়ে যায়।”