পৃষ্ঠা:বলাই-বিহুলী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বলাই বিহুলী।

ঘৰ গৃহস্থৰ  ভাল নালাগিলে
 সোনকালে বিদায় হই,
ইঘৰ পাচত  সি ঘৰলৈ যায়
 ৰাগিণী কথাকে কই।

যাৰ ভাল লাগে  যাবলৈ নিদিয়ে
 মাৰি থাকিবলৈ কয়,
বিহু লগে লগে  নাচোতে নাচোতে
 নতুৱা অৱশ হয়।

তিমানতে যদি  এৰিব নোখোজে
 বিহুৰ উঠিল ৰোল,
সকলো ডেকাই  মুখে মুখে গালে
 খৰকৈ বজালে ঢোল।

“থাকো কত বেলি  যাওঁ এতে বেলি
 ফেচাই কুৰুলি দিব,
নাচোতে নাচোতে  নতুৱা হুৰিলে
 এতিয়া বিদায় দিব।”