পৃষ্ঠা:বলাই-বিহুলী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বলাই বিহুলী


এই দৰে আজি  ঢোল-তাল বাজি
 আনন্দে নাচিছে হিয়া,
যেনি কাণ যাই  তেনিয়েই শুনে
 বিহুৰে ৰগৰ দিয়া।

ইদলৰ পাচত  সিদল আহিছে
 ঢোলত চাপৰ বায়,
দিন কি ৰাতিয়ে  শুনুতে শুনুতে
 গৃহস্থৰ টোপনি নায়।

এই দৰে গই  হুছৰি গাওঁতে
 দুদিন দুৰাতি যায়,
যেয়ে যতে পালে  ততালিকে খালে
 ধুনৰ খবৰ নায়।

গাৱঁৰ গাভৰু  হুচৰি শুনুতে
 মন উৰু উৰু কৰে
উলহ মালহ  লাগেহি হিয়াত
 তাতে ঢলি ঢলি পৰে।