পৃষ্ঠা:বলাই-বিহুলী.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বলাই বিহুলী।

“তোকে কেনে কৰি  পাম প্ৰাণেশ্বৰী
 তোকে কেনে কৰি পাম
তই যাবি ঘাটলৈ  মই যাম বাটলে
 পানী অনা ঘাটতে পাম।”

ইয়াৰে লগতে  তাল বাজি যাই
 পাচত ঢোলৰ চেও,
ককাল ঘূৰাই  নতুৱা উঠেহি
 নেচাই নোৱাৰে কেওঁ।

“মই যে আছিলো  পদূলি বাটতে
 তই গইছিলি লৰি,
চকু চাৱনিতে  প্ৰাণ কাঢ়ি নিলি
 কেনেকৈ নেকান্দি পাৰি।”

“আঠিয়া কলৰে  পাতে নেকাটিবা
 চিতিকি পৰিব এঠা,
শত্ৰুক দেখুৱাই  কেতেহাই মাতিবাঁ
 ভিতৰি নেৰিবা বেথা।”