পৃষ্ঠা:বলাই-বিহুলী.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বলাই বিহুলী

হৰি নাম লই  বুঢ়া আনন্দিত
 হুচৰি সুৰত গাই,
অমিয়াৰ ধাৰা  পৰশি প্ৰাণত
 উলাহত নাচি যাই।

নামৰ পাচতে  ডেকাই লগালে
 বিহুৰ ৰাগিণী তুলি,
পোন পহিলাতে  ক্ষমা খুজি ললে
 বছৰৰ গীত বুলি।

“কাটোতে চিকুনে  নলীয়া কটাৰী
 দেখিবলৈ ভাল মিত,
ঘৰ গিৰিহঁতে  দাই নধৰিবা
 গাই যাওঁ বছৰ গীত।”

গীতৰ পাচতে  ঢুলীয়া ডেকাই
 ঢোলত চাপৰ দিলে
তাৰ লগে লগে  খুতি তাল বাজি
 নচুৱা জগাই নিলে