পৃষ্ঠা:বলাই-বিহুলী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বলাই বিহুলী

পোন প্ৰথমতে  ধৰ্ম্মৰ গীতেৰে
 ঢোলত কিৰিলি দিয়ে,
ওজাৰ পাচতে  দীঘলীয়া সুৰে
 পালিবোৰে টানি নিয়ে।

জয় জগন্নাথ হৰি-
  জয় জগন্নাথ”
ইয়াকে জোৰণি  কৰি লই পাচে
 কীৰ্ত্তন মিলাই দিয়ে,

ঘৰ ঘৰোৱাহী  সকলো জনৰে
 মন প্ৰাণ টানি নিয়ে।

কৃষ্ণাই পদূলিত বকুল ফুলে জুপি
নিয়ৰ পাই মেলিলে পাহি ঐ গুবিন্দাই ৰাম”

ই কুটৰ পাছে  সি কুট লগাই
 কেনে যে শুৱলা টান,
তাৰ মাজে মাজে  ঢোল চেৱে চেৱে
 দিয়েহি ঢুলীয়া মান।