পৃষ্ঠা:বলাই-বিহুলী.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
বলাই বিহুলী


ই ঘৰৰ পৰা  সিঘৰলৈ যায়
 পাতিছে খোৱাৰ মেল,
খাই উঠি কত  দহ-পচি মাৰি
 কৰিছে নানান খেল

ৰং ধেমালিতে  দিনটি গল
 আনন্দে পৰাণ নাচে,
ঢোল, তাল লই  হুচৰি গাবলৈ
 সকলো সাজু হৈ আছে

চাওঁতে চাওঁতে  এন্ধাৰ আহিল
 সন্ধিয়া বিদায় হল,
যাৰ যেনে ইচ্ছা  পিন্ধি উৰি লই
 হুচৰি গাবলৈ গল।

ডেকা বুঢ়া আদি  দলে দলে আহে
 হুচৰি গাবলৈ বুলি,
চোতালে চোতালে  জুম পাতি পাতি
 গাইছে ৰাগিণী তুলি।