পৃষ্ঠা:বলাই-বিহুলী.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বলাই বিহুলী


বিহু মৰা ডেকা  নামতে হাৰিব
 মাৰিব নোৱাৰি চেও,
যেয়ে যিটো গায়  দিম ওলোতাই
 নোৱাৰে জিকিব কেওঁ।

ঘাটেকি বাটে কি  তাতৰে শালতে
 ন কই সাজিছো নাম,
পিলিঙা ডেকাই  এইবাৰ বাৰু
 কেনেকৈ হৰাই চাম।

ৰঙ্গিলী জেতুকী  বাইহঁতে কয়
 মোতকৈ নাচনি নাই।
যোৱা বাৰে হেনো  ডেকা ভোল গল
 মোৰ নাচোনকে চায়

তেতিয়াই বোলে  ডেকা হঁতে কলে
 “অহা বছৰ ল তত,”
নকৈ চেও শিকি  নচুৱাব মোক
 ঢুলীয়া ডেকাৰ মত।