পৃষ্ঠা:বলাই-বিহুলী.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
বলাই বিহুলী

অতি চেনেহৰ  গাৰ চেলেং খনি
 অতি চেনেহৰ খাৰু
তাতোকৈ চেনেহৰ  বহাগৰ বিহুটি
 কেনেকৈ নেনাচি পাৰো।

গুটি ফুল বচা  ৰিহা মেখেলাকে
 এইবাৰো পিন্ধি যাম
তাতোকৈ নো বাৰু  কোন গাভৰুৱে
 ধুনীয়া পিন্ধে নো চাম।

বৰ্হম ঠুৰিৰে  দাঁত যে বোলাম
 ওঁঠো যে পৰিব ক’লা
সেন্দুৰৰ ফোঁট  কপালত লম
 খোপাতো মাৰিম শলা।

বাৰীৰে মালতি  খোপাতে পিন্ধিম
 আঙ্গুলি জেতুকা বোল,
ৰূপ গোটা খাৰু  হাততে পিন্ধিম
 সকলোটি যাব ভোল।