পৃষ্ঠা:বলাই-বিহুলী.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বলাই বিহুলী

বাইহঁতে মোক  নইৰে গৰাতে
 সদায় নাচনী তোলে,
আগত কৈ মই  দিনে দিনে হেনো
 ভালহৈ আহিছোঁ বোলে।

গাৱৰ ডেকায়ো  এতিয়াৰ পৰা
 লুকাই চাবলৈ যায়,
মোৰ সম হেনো  এতিয়া গাৱত
 নাচনী ওলোৱা নাই

পাভতিত থোৱা  টকাটো নমাবি
  বৰ ভাল লাগে মোৰ,
মনৰ হেপাহে  ভালকৈ বজাই
 এবেলি কৰিম ওৰ।

এবছৰ গই  বিহুটি আহিছে
 চৰায়ে গাইছে গীত,
ডেকা গাভৰুৰো  দিনে দিনে আহি
 চঞ্চল কৰিছে চিত।