পৃষ্ঠা:বলাই-বিহুলী.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী

সেই দেখি তোক  এতিয়াই কলো
 ঠিক কৰি দিবি আই,
ৰাতি বিহু মাৰি  উলতি নাহিম
 হমগৈ বিহুৰে ঘাই।

উজনী চহৰৰ  ঢুলীয়া আহিব
 নতুন কৈ মাৰিব চেও,
সকলোৱে কয়  মোকে আগ কৰি
 নানাচিব আৰু কেওঁ।

এই বেলি আৰু  ছোৱালীও নাই
 ভালকৈ নাচিব পৰা,
ওচৰ চুবুৰী  সকলোৱে কয়
 মই হে একাচি চৰা।

নাচিব নোৱাৰি উলতি আহিলে
 সকলোৱে দিব লাজ,
জীয়াই থকাতকৈ  মৰাটোহে ভাল
 গাভৰুৰ নাথাকে কাজ।