এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত দাম ও সুদামে ডাকে তেৰি লৈয়া নাম। হেৰ দেখ উঠিয়া আসিল বলবাম॥ নন্দ গৈলা বাথানে গোৱাল গৈলা পাল। সুভী চাৰিতে লাগে উঠৰে ে | গোপাল ক্ষীৰ লৱণু লৈলা শিঙ্গা বেত বেণু। সকালে মেলিয়ো গৈয়া হেম্বলায় ধেনু। কহয়ে মাধৱে মাই কিনো তপসাইলি। ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলি॥ যাদৱ উঠা ত্ৰিজগতৰ পতি হে মাধৱ উঠা ত্ৰিজগতৰ পতি। পুহাইল ৰজনী উঠা যাদুমণি ৰজনী প্ৰসন্ন ভৈলা। বনৰ হৰিণ বনত লুকাইলা আঙ্গিনাতে বসি কত নিদ্ৰা যাস পক্ষী দশো দিশে গৈলা। উঠা প্ৰভু নাৰায়ণ। যাইবে লাগে বৃন্দাবন॥ ( 2 ) বালকে ডাকয় উঠা নাৰায়ণ