সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Q ) শয্যাৰ পৰা উঠি বড় গীত সকল শিশুগণ ধেনু লৈয়া গৈলা ধেনু লৈয়া গৈলা বনে। সঙ্গেৰ বালক কৃষ্ণয় বৈল৷ শয়নে॥ ৰাগ সেয়ে—দিহা। পৰভাতে প্ৰসন্ন উদয় ভৈলা ভানু। দাম ও সুদামে ডাকে উঠা ৰাম কানু॥ পৰভাতে প্ৰণামো গোবিন্দ হৃষিকেশ। চিদানন্দ মূৰুতি কপট গোপ বেশ॥ প্ৰভাত সময় উঠি নন্দেৰ ঘৰুণী। কৃষ্ণক লগাইল৷ মাত উঠা যদুমণি॥ ৰজনী প্ৰভাত ভৈলা ফেহু দিল৷ জালি। বিলম্ব নকৰি প্ৰভু উঠা বনমালি॥ উঠাহা জাগিয়া প্ৰভু কৃষ্ণ ও বলাই। আঙ্গিনাতে বসি ৰঙ্গে বালকে ডাকই॥ আদিত্য উদয় ভৈলা উঠা নাৰায়ণ। তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥ উঠাহ৷ গোপাল ৰৌজে পাইবা বৰি দুখ৷ পিঠা আদি খাই ধেনু মেলা চান্দমুখ॥