সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কালি সৰ্পে দংশিলেক মোৰ মৰণ চাই। তাৰ হন্তে নমৰিলে৷ ৰাখিল৷ গোঁসাই॥ চক্ৰবাত অস্থৰে আকাশত নিল॥ তাৰ পৰা নমৰিলে৷ মই অভাগীয়া॥ মাও নাই বাপা নাই সঙ্গে নাই ভাই। কাল যশোদাই মাৰে মোক নিমা খুতি পাই॥ কহয় মাধৱ দাসে ব্ৰহ্ম নৈৰাকাৰ। ভক্তৰ কাৰণে হৈলা গোকুলে অৱতাৰ॥ হা কৃষ্ণ প্ৰাণধন শৰত কালব নিশি বুলি কান্দে গোপীগণ আমাক অনাথ কবি কৈক এড়ি গৈলা। কৃষ্ণ বৃন্দাবনে আসি গোপী সবে ক্ৰীড়িবাক লৈলা॥ গোপীকাৰ দৰ্প হৰি গুচাইবাক মনে কৰি তাসম্বাক এড়ি তৈতে অন্তৰ্ধান ভৈল॥ কৃষ্ণক নেদেখি সবে কান্দে অতি দীৰ্ঘ বাৱে নানান থানে বিচাৰি চাহিলা॥ ( ৩৭ ) 8