সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত পূৰ্ব্বাপৰ অন্ত নাহি যাহাক। সোহি জগত গুৰু যশোদা ধাৰু॥ বাহিৰে ভিতৰে যাকেবি নাই। গোৱালী বান্ধে লয়হু চোৰা পাই॥ গৰিব সন্ধানে যশোদা ৰজু টানে। ষোড়য় নাহি আঙ্গুল দুহো মানে। গুন্থ পুলু ৰজু বিচাৰ কয় আনি। উদৰে মেঢ়াই বান্ধয় সতী টানি!! তবহো নোজোৰে আঙ্গুল! দোহো পাশে। পেসিয়ে গোপীৰ মন সব হাসে। হৰি কহো তনু জানয় নাহি কোই। মাধৱ কহে। গতি গোবিন্দ মাই॥ অত দুঃখে নেয়াই প্ৰাণ মোৰ নিদাৰুণী হিয়া। মৰিলে৷ মৰিলে৷ যাই জলে জাম্প দিয়া॥ বাপা মোৰ বস্তুদেৱ দৈবকী জননী। কিবা অপৰাধে হে গকুলে থৈল৷ আনি॥ পুতনায় দিলা আনি বিষময় তন। নাখাই নমৰিলো নগৈল৷ পৰাণ॥ ( 33 )