এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত নাহিকে সহায় নেদেখো উপায় কৃষ্ণক এক মনে ধাইলা। হৰিৰ চৰণ কৰিও ৰক্ষণ গজেন্দ্ৰ শৰণ লৈলা॥ ভগতৰ দুঃখ দেখি ভগৱন্ত চড়িয়া গৰুড় স্কন্ধে। হাতে চক্ৰ ধৰি দেৱ শ্ৰীহৰি ° ৰাখিল৷ অনেক প্ৰৱন্ধে॥ হাতে চক্ৰ ধৰি দেৱ শ্ৰীহনি গ্ৰাহৰ চিড়িল৷ মুখ। চতুৰ্ভুজৰূপে বৈকুণ্ঠে চড়িলা খণ্ডিল৷ সমস্ত দুখ। চিৰি শঙ্কৰ দেৱে ই গীত কৰিছে মহা ভাগৱত কথা। সমজ্যাৰ লোকে হৰি হৰি বোলা জনম নকৰা বৃথা | কান্দে গোপী সব মনত বৈৰাগে। ইতো বন বিচাৰি গোবিন্দক মাগে॥ ( 5 )