এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত ইতো বৃন্দাবনে লাগোক অগনি। পুড়ি যাক বৃন্দাবন মৰোক গোপিনী॥ পুড়ি গল বৃন্দাবন উড়ি গল ছাই। সকল গোপিনী কান্দে কৃষ্ণক নপাই॥ একো গোপী বোলে মই নাযাওঁ ঘৰে। আমাক এড়িয়৷ গৈল৷ যমুনাৰ তীৰে॥ আমাক এড়িয়৷ গৈলা এই অন্ধ ৰাতি। নিৰ্দয় নিষ্ঠুৰ ভোমোৰা জাতি॥ খোজ সব পড়ি আছে কৃষ্ণৰ ভৰিৰ। তাক দেখি গোপী সবৰ দগধে শৰীৰ॥ কহয়ে মাধৱে নাকান্দা গোপী। মন থিৰ কৰা গোবিন্দক জপি॥ মোৰ ঘৰে কেনে আইলা বোলেৰে গোৱালী। বলাইৰ কনিষ্ঠ মই নাম বনমালী॥ গোপী বোলে এথা তুমি আইলা কি কাৰণ মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণ॥ হৰি বোলে বস্ত্ৰ মই বিচাৰি নপাইলো। তাকে পুছিবাৰে মই চাতাল জগাইলো॥ ( ১৬ )