সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কালীৰ শিৰে দিয়৷ ভৰি দুষ্ট কালীক দমি বায় নাচে হৰি ৰঙ্গ কৰি সি ঠানত নেদে ঠাই দেৱগণে মৃদঙ্গ বজাই। এ দীন মাধৱে গুণ গাই॥ সৰোবৰ মাজে গজেন্দ্ৰ পড়িছে গ্ৰাহে আছে তাক ধৰি। r ভকত বৎসল কৰা পৰিত্ৰাণ হেৰ৷ গ্ৰাহে নেই ধৰি॥ ইটো সৰোবৰে হস্তিনী সকলে ফুৰে জল ক্ৰীড়া কৰি। কালগ্ৰাহে ধৰি কামোৰ মাৰিয়া তলক লৈ যাই ধৰি॥ সকল হস্তিনী গজেন্দ্ৰক বেড়িয়া কাখেৰিতে দিলা বল। একোৱে প্ৰবন্ধে লড়িব নোৱাৰি পলাইলা হস্তী সকল। . ( 8 )