সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত নব নব পাল স্ৰজিলা গোপাল ব্ৰহ্মাক মোহিবে মনে। যত শিশুগণ বৎস আদি কৰি ভৈলন্ত কৃষ্ণে আগুনে। কৃষ্ণক মোহিবে আসি ব্ৰহ্মাদেব আপুনি মোহিত ভৈলা। হংস যান এড়ি চৰণত পৰি তুতি কৰিবাক লৈলা॥ তোমাৰ মহিমা নজানিয়া ম‍ই চুৰি কৰি নিলো পাল। শিঙ্গা বেত বেণু, গোক্ষ দামুৰী আপুনি ভৈল৷ গোপাল | হে কৃষ্ণ প্ৰভু নজানিয়া ম‍ই কৰিবাক চাইলে৷ চল। কেনমতে প্ৰভু তোমাক চলিবো মই অতি হীনবল॥ যতকাল আমি থাকিবে৷ জীয়াই তোমাকেসে আৰাধিবো। সেৱকক প্ৰভু ৰাখিয়ো ইবাৰ তোমাৰ পদ সেবিবো। ( b )