এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত মধ্যত বসিয়া প্ৰভু নাৰায়ণ গাৱে গাৱে বাতি দিলা। ৰঙ্গে শিশুগণ ভুঞ্জিলন্ত অন্ন কেনে গোবিন্দৰ লীলা॥ কুৰুলি আকাৰে বালিত বসিয়া অন্ন ভুঞ্জিবাক লৈলা। সেহি সময়ত গোক্ষ দামুৰী • ব্ৰহ্মা চুৰি কৰি থৈলা॥ - দাদাৰে বলাই ভাইৰে বলাই গৰু গেল কোন বনে। ব্ৰহ্মাদেবে আসি কৰিলেক চুৰি আমাক মোহিবে মনে॥ বৃন্দাবনে বনে ফুৰে নাৰায়ণে মাথাতে মৈৰাৰ পাখি। মকৰ কুণ্ডল কৰে জলমল মুখে মনোহৰ হাসি॥ গোবৰ্দ্ধনে উঠি কৰিলা বিচাৰ নপাইলা ধেনুৰ্দেশ। তাহাৰ চৌভিতি প্ৰৱন্ধে বিচাৰি নপাইল৷ হৃষিকেশ॥ (9)