সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৮) তাতে বাম অঙ্গে যে কুণ্ডল পিন্ধিলে॥ ইসৱ কথাক আমি তোমাত কহিলো। এই সব নাৰদত কথা কহি হৰি। প্ৰণামিল। অনন্তক কৃতাঞ্জলি কৰি॥ অনন্তৰে গৈলা পাছে আপুনাৰ থান। এহিমতে থাকিলা অনন্ত নাৰায়ণ || আত অনন্তৰে শুনিয়োক আৰু কথা। ৰশিষ্ঠে কহিল৷ যেন ৰাম, আগে কথা। পুছিলন্ত ৰামে চাৰি যুগৰ ব্যৱস্থা। কহিয়োক ঋষি ৰাজ মোত ইটো কথা হেন শুনি ঋষি বোলে শুন৷ ৰামহৰি। একচিতে শুনা তুমি থিৰ কৰ্ণ কৰি এহি বুলি তিনিয়ে| যুগৰ কথা কৈলা। কলিৰ যুগৰ পাছে কহিবাক লৈলা || কলিব সমান যুগ একো কালে নাই। কলিকালে নৰদেহা কত পুণ্যে পাই। পৰম পুৰুষ ব্ৰহ্ম সনাতন হৰি। কাইকুলে জন্মিব শঙ্কৰ ৰূপ ধৰি॥ একান্ত ভকতি ধৰ্ম্ম কলিৰ যুগত। প্ৰচাৰ কৰিবে লোক হৈবেক ভকত। শূদ্ৰ বুলি বিপ্ৰসবে অবজ্ঞা কৰিব। বিটণ্ডা কৰিয়া আবে তাহাঙ্ক নিন্দিব