সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(29) এক মুখে নাম গাই কিমতে তৰিবো। জানিলো নিশ্চয় আমি সংসাৰ ভ্ৰমিবো॥ হেন শুনি মনে গুণি অনন্ত ঈশ্বৰ। নাৰদক চাই পাছে দিলন্ত উত্তৰ॥ হাজাবেক মুখে শুনি মোৰ এক মুখ ইহাত নাবদ তুমি নামানিবা দুখ॥ এক গুটি শৰীৰে শিৰৰ সবে মূল। এক মুখ বুলি তাক এতেকে কহিল। পৰম পুৰুষ ব্ৰহ্ম দেৱ সনাতন। তান নাম গুণ গাই চিত্তোহে। বন্ধন॥ তেহেন্তেসে পূৰ্ণ ব্ৰহ্ম জগত কাৰণ। তান পূৰ্ণ শক্তি ভৈলা আদি নিৰঞ্জন॥ হেনশুনি নাৰদে পুছিল। আৰু বাৰ। একখানি বিলৈক্ষণ দেখোহো তোমাৰ॥ বামহাতে বামকৰ্ণে কুণ্ডল কঙ্কণ। কহিয়ো আমাত তুমি ইহাৰ কাৰণ॥ হেনশুনি অনন্ত ঈশ্বৰ দেৱহৰি। কহিবে লাগিলা কথা আনন্দিত কৰি। জগত জনক যিটে৷ পুৰুষ প্ৰকৃতি। দুই যুগে দুই জন জানিবা সম্প্ৰতি॥ পুৰুষে আসিয়া মোৰ যিটো অঙ্গে ভৈলা। ৰামফালে আসিয়া প্ৰকৃতি দেবী বৈলা॥