সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(29) ৰাদ কৰি নোৱাৰি আপুনি ভাগিবেক। কতো কতো কৃষ্ণ পাৱে শৰণ লৈবেক॥ ভাগিবেক লোক সৱ হৈয়া একাকাৰ। যাইব শঙ্কৰৰ যশ দ্বীপ দ্বীপান্তৰ॥ ব্ৰাহ্মণ ক্ষেত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতি। শূদ্ৰৰ আচাৰ সবে ধৰিৰ সম্প্ৰতি॥ কলিত কৈবৰ্ত্ত আনে। অন্ত্য জাতি যত। ধৰ্ম্মত নিপুণ বৰ হৈবেক ভকত। এইসব কলিত সবে গুৰু বোলাইবেক। কলিৰ যুগৰ কথা কহিবো কতেক!! শাস্ত্ৰ সৰ পঢ়ি দ্বিজগণ হৈবে অন্ধ। ধনকেসে মাত্ৰ সবে কৰিব প্ৰবন্ধ॥ দণ্ডিকৰি ধন লৈব বিকীবে কন্যাক। বোলাইৰে পণ্ডিত উপলঙ্ঘি বেদ বাক্‌ ৰান্দীৰ তনয় তাক ছুইবে যোগ্য নুই। ঈশ্বৰ কৃষ্ণক সিটো পূজে কোন মুই। তাহাৰ পূজাক কৃষ্ণদেৱে নলৱয়। সিটো মহাপাপী ঘোৰ নৰকে পচয়॥ এহি বুলি বশিষ্ঠ পৰম ঋষি ৰাজ। ৰামৰ আগত কহিলন্ত হেন কাজ। বুঢ়া ভাষ্যে ইটো কথা কহিয়া আছয়। ৰৰি পুৰাণত আছে জানিবা নিশ্চয়।