সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৬) শুনিয়োক কহো মোৰ আছে এক কাম। কিবা হেতু তোমাৰ অনন্ত হেন নাম কহিয়োক ইহাৰ কাৰণ শুনো আমি। পৰম পুৰুষ তুমি জগতৰ স্বামী॥ হেন শুনি অনন্ত ঈশ্বৰ ভগৱন্ত। নাৰায়ণ স্মৰি কথা কহিবে লৈলন্ত। যিটো ব্ৰহ্ম সনাতন জগতৰ পতি। জগতে ব্যাপক প্ৰভু তেহেন্তে সম্প্ৰতি জাহানেসে অংশ নাৰায়ণ দেৱ হৰি। জাহানে আজ্ঞায়ে আছে সৃষ্টি স্থিতি কৰি। জাহানে শকতি যত মহিমা আছয়। তেনয় শকতি মোক দিলন্ত নিশ্চয়। দশ সহস্ৰেক যত ঈশ্বৰ সকল। ভসিম্বাৰ আছে যত পৰাক্ৰম বল। সবাৰে শকতি আহি মোৰ গায়ে ৰৈল ভাতেসে আমাৰ বৰ পৰাক্ৰম ভৈল॥ হেন শুনি গুণি পাছে নাৰদে বুলিলা আৰু বৰ এক কথা সুধিবাক লৈলা নিতে নৱ কৰি তুমি কাৰ নাম লোৱা। নাভাণ্ডিবা তাহাক আমাৰ আগে কোৱা হাজাৰেক মুখে নিতে নিতে গাওৱা নাম। দেখিলো তোমাৰ আমি বিপৰীত কাম