সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন শুনি নৃপতিৰ মনত বিস্ময়। আনো ভক্ত লোক যত নিজনে গাছৰ। ৰাজা প্ৰজা শুনি যবে এহি মতে আছে। আৰু কথা শঙ্কৰে কহিবে লৈলা পাছে॥ দশদিকপাল যত দেৱ সমস্তৰ। পৰম মহন্ত তাৰা নৱ মহাশয়। এক দিনা ক্ষীৰ সাগৰক সবে গৈল॥ হোন পূজা কৰি ঈশ্বৰক আৰাধিলা। হে শুনি কৃষ্ণ দেৱে আকাশত আসি। তাসবাক চাই পাছে বুলিলন্ত হাসি॥ হে ব্ৰহ্মা বিষ্ণু হৰ শুনা মোৰ বাণী। তোৰা সবে মোক আৰাধিলা কিবা জানি॥ হেন শুনি দেৱগণে হাতযোৰ কৰি। কহিবে লাগিলা সবে দণ্ডৰতে পৰি হে প্ৰভো পৃথিবীৰ দুখৰ কাৰণে। গোচৰ কৰিলো তাতে তোমাৰ চৰণে || হেন শুনি ঈশ্বৰ পুৰুষ ভগৱন্ত। “তাসম্বাক শুনাই হেন কথা কহিলন্ত॥ দৈৱকীৰ গৰ্ভে যাই আমি উপজিবো। অনন্তক মোহোৰ সহায় কৰি নিবো॥ এহি বুলি প্ৰভু তৈতে মৌন হৈয়া ৰৈলা। দশদিগ পাল থানে থানে চলি গৈলা॥