এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এই শুনি মহেশ্বৰে তৰিক অৰিলা। হৃদয় কৃষ্ণক ধৰি কহিবে লাগিলা॥ ঈশ্বৰৰ লীলা কোনে কহি পাৱে সगा। আদি অন্ত নাহি যাৰ অদ্ভুত মহিমা॥ তথাপিতো কিছুয়ান কহিবোছো আমি। স্থিৰ-কৰ্ণ দিয়া শুনিয়োক তাক তুমি॥ সবাৰো তলত জন সাগৰ আছয়। তাৰ সীমা সংখ্যা কোনে কহিবে পৰিয়॥ তাহাতে গজিয়া আছে পদ্ম এক জাৰ। আদি অন্ত সীমা কোনে কহিবেক তাৰ॥ সপ্ত দ্বীপ পৃথিবীক পাতে আছে- জুৰি। কোনে কহিবেক তাৰ কৈত আছে গুৰি॥ পৰম কঠিন সিটো ৰঙ্গা সমলয়। অস্ত্ৰে শস্ত্ৰে কোনে তাক কাটিবে পাৰয়। তাৰ পাহি পাহি কৰ্ণিকাৰ নাহি সীমা। কোনে কহিবেক তাৰ অদ্ভুত মহিমা॥ তাহাত বসিয়া আছে দ্ৰবিদ মহন্ত | তাহাৰ মহিমা কহি কোনে পাৱে অন্ত! তাহাৰ উপৰে বসি তিনিজন আছে। ভেকো কুৰ্ম্ম অনন্তক কহিলন্ত পাছে॥ ভাত পাছে বিৰাট নগড় কথা কৈলা। মেৰু দিগজক কহি এহি মতে ৰৈলা॥