সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(23) ইবাৰ কৰিবো বুলি জগত উদ্ধাৰ। পূৰ্ণব্ৰহ্ম ভৈল। দৈৱকীত অৱতাৰ! আৰু কথা কহো শুনিয়োক মহামতি। ব্ৰহ্মা হেন গৰু চোৰ কৰিল৷ সম্প্ৰতি! প্ৰথমতে পদ্ম কল্পে ব্ৰহ্মা উপজিলা। উপকৰ হেন বাণী ব্ৰহ্মায়ে শুনিলা॥ এহি ব্ৰহ্মা বহুদিন তপকৰি আছে। তেহে আসি গৰু চোৰ কৰিলন্ত পাছে ক্ষীৰ সাগৰত যাক আৰধিলে৷ আমি। পৰীক্ষিয়া ছায়ো কিবা হোয়ে সেহি স্বামী সিহেতু ব্ৰহ্মায়ে গৰু চুৰি কৰি থৈলা। অনন্তৰে আপোন থানক চলি গৈলা | কৃষ্ণে কি কৰিলা বুলি আৰু বাৰ আইলা। কৃষ্ণৰ অদ্ভুত বৰ মহিমা দেখিলা॥ পদ্ম কলপৰ পৰা এত দিন গৈলা। ঈশ্বৰক পৰিচয় তথাগি নভৈলা॥ এতকাল মানে অভকতে আছিল। কৃষ্ণৰ চৰণে আবে শৰণ লৈলন্ত॥ সৃষ্টিৰ কাৰণ ব্ৰহ্মা এহেস্তে নোহয়। দুই জনে ব্ৰহ্মা আৰু জানিবা নিশ্চয়॥ ইসব কথাক আবে এহি মানে থওঁ। শুনা সভাসদ কথা আত পৰে কওঁ॥